অসমীয়া ভাষা সাহিত্যৰ বিকাশ আৰু বিস্তাৰৰ বাবে জন্মলগ্নৰে পৰা অবিৰতভাৱে কাম কৰি অহা অসম সাহিত্য সভাৰ এটি উল্লেখযোগ্য শাখা পাঠশালা সাহিত্য সভাৰ জন্ম হৈছিল ১৯৬২খ্ৰীঃৰ এপ্ৰিল মাহৰ ১০তাৰিখে।জন্মলগ্নৰে পৰাই নিজৰ কৰ্মৰাজিৰ মাজেৰে সমগ্ৰ অসমৰ ভিতৰতে এটি আদৰ্শ শাখা হিচাপে প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা পাঠশালা সাহিত্য সভাই ২০১২ খ্ৰীঃত সোণালী জয়ন্তীবৰ্ষ অতিক্ৰম কৰিছে।সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকাদেৱৰ ভাষাত “পাঠশালা সাহিত্য সভাই সোণত সুৱগা চৰোৱা কাম কৰিছে।অসম সাহিত্য সভাৰ অন্যান্য শাখাবোৰে এই শাখা সভাৰ আৰ্হি ল’লে অকল সাহিত্য সভাকে টনকিয়াল কৰা নহয়; অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল অধিক চহকী হোৱাৰ উপৰিও বাৰে ৰহণীয়া অসমীয়া জাতিৰ এনাজৰীডাল অধিক কটকটীয়া হ’ব।”