গ্ৰন্থমেলা উপসমিতিৰ উদ্যোগত অনুষ্ঠিত কৰিবলগীয়া প্ৰতিযোগিতাৰ সবিশেষ

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিবেশন: বজালীৰ গ্ৰন্থমেলা উপসমিতিৰ উদ্যোগত

মুকলি প্ৰৱন্ধ প্ৰতিযোগিতা

বিষয়ঃ “আধুনিক তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ যুগত গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা”
এই প্ৰতিযোগিতাত নিৰ্বাচিত তিনিটা শ্ৰেষ্ঠ প্ৰৱন্ধ পুৰস্কৃত কৰা হ’ব৷
প্ৰথম পুৰস্কাৰঃ ৫০০০.০০ (পাঁচ হাজাৰ) টকা মূল্যৰ গ্ৰন্থ কুপন
দ্বিতীয় পুৰস্কাৰঃ ৪০০০.০০ (চাৰি হাজাৰ) টকা মূল্যৰ গ্ৰন্থ কুপন
তৃতীয় পুৰস্কাৰঃ ৩০০০.০০ (তিনিহাজাৰ) টকা মূল্যৰ গ্ৰন্থ কুপন

প্ৰতিযোগিতাৰ নিয়মাৱলীঃ
১৷ লেখাসমূহ মৌলিক হ’ব লাগিব৷ সহায় লোৱা লেখাৰ ক্ষেত্ৰত গ্ৰন্থপঞ্জীৰ উল্লেখ থাকিব লাগিব৷
২৷ লেখাসমূহ ১০০০ শব্দৰ ভিতৰত হ’ব লাগিব৷
৩৷ প্ৰতিযোগীৰ বাবে বয়সৰ কোনো উদ্ধৰ্সীমা নাথাকিব৷
৷ লেখাসমূহ ডি.টি.পি. কৰি তলৰ ই-মেইল ঠিকনাত ২৫ জানুৱাৰী ২০২৫ খ্ৰীষ্টাব্দ বা তাৰ আগতে পোৱাকৈ PageMaker File (Font: Geetanjali Light, Size:১৬ point) আকাৰে প্ৰেৰণ কৰিব লাগিব৷
৫৷ লেখাটোৰ প্ৰথম পৃষ্ঠাত লিখকৰ নাম, সম্পূৰ্ণ ঠিকনা, যোগাযোগৰ নম্বৰ উল্লেখ কৰিব লাগিব৷ ই-মেইলত বিষয় “প্ৰৱন্ধ প্ৰতিযোগিতা” বুলি উল্লেখ কৰিব৷
৬৷ প্ৰতিযোগীসকলে কুম্ভিলক বৃত্তি (Plagarism) অৱলম্বন নকৰাৰ স্বঘোষিত প্ৰমাণ পত্ৰ দিব লাগিব৷
৭৷ গ্ৰন্থমেলা উপ-সমিতিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰা হ’ব৷

যোগাযোগ

ই-মেইল: bookfaircompetition@gmail.com
ফোন নংঃ99577669698। ৪472017132

মুকলি কুইজ প্ৰতিযোগিতা

বিষয়ঃ “অসম সাহিত্য সভা”
তাৰিখঃ ১ ফেব্ৰুৱাৰী, ২০২৫ খ্ৰীষ্টাব্দ
সময়ঃ দিনৰ ১১ঃ৩০ বজা
স্থানঃ গ্ৰন্থমেলাৰ মঞ্চ
এই প্ৰতিযোগিতাত নিৰ্বাচিত প্ৰথম শ্ৰেষ্ঠ তিনিটা দলক পুৰস্কৃত কৰা হ’ব৷
প্ৰথম পুৰস্কাৰঃ ৬০০০.০০ (ছয় হাজাৰ) টকা
দ্বিতীয় পুৰস্কাৰঃ ৫০০০.০০ (পাঁচ হাজাৰ) টকা
তৃতীয় পুৰস্কাৰঃ ৪০০০.০০ (চাৰিহাজাৰ) টকা

প্ৰতিযোগিতাৰ নিয়মাৱলীঃ
১৷ প্ৰতিটো দলত সৰ্বাধিক দুগৰাকী সদস্য থাকিব পাৰিব৷
২৷ প্ৰাৰম্ভিক লিখিত পৰীক্ষাৰ জৰিয়তে চূড়ান্ত পৰ্যায়লৈ ছয়টা দল বাচনি কৰা হ’ব৷
৩৷ চূড়ান্ত পৰ্যায়লৈ উন্নীত অন্তিম দল তিনিটাক বিশেষ পুৰস্কাৰ প্ৰদান কৰা হ’ব৷
৷ দৰ্শকৰ মাজৰ পৰা শ্ৰেষ্ঠ উত্তৰ দিওঁতাৰ বাবে বিশেষ পুৰস্কাৰ থাকিব৷
৫৷ গ্ৰন্থমেলা উপ-সমিতিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰা হ’ব৷

যোগাযোগ

ই-মেইল: bookfaircompetition@gmail.com
ফোন নংঃ৭৮৯৬৭৯৬০৭৪। ৯৯৫৪৮৯২৬৩৫

লিখিত কুইজ প্ৰতিযোগিতা

বিষয়ঃ “অসম”
তাৰিখঃ ১ ফেব্ৰুৱাৰী, ২০২৫ খ্ৰীষ্টাব্দ
সময়ঃ দিনৰ ১১ঃ০০ বজা
স্থানঃ গ্ৰন্থমেলা বাকৰি
এই প্ৰতিযোগিতাত নিৰ্বাচিত প্ৰথম শ্ৰেষ্ঠ তিনিটা দলক পুৰস্কৃত কৰা হ’ব৷

প্ৰথম পুৰস্কাৰঃ ৩০০০.০০ (তিনি হাজাৰ) টকা
দ্বিতীয় পুৰস্কাৰঃ ২০০০.০০ (দুই হাজাৰ) টকা
তৃতীয় পুৰস্কাৰঃ ১০০০.০০ (এক হাজাৰ) টকা

 

প্ৰতিযোগিতাৰ নিয়মাৱলীঃ
১৷ প্ৰতিটো দলত সৰ্বাধিক দুগৰাকী সদস্য থাকিব পাৰিব৷
২৷ ভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰে দল গঠন কৰিব পাৰিব৷
৩৷ প্ৰতিযোগিতাখন দশম শ্ৰেণী পৰ্যন্ত মুকলি থাকিব৷
৷ নাম জমা দিয়াৰ সময়ত প্ৰতিযোগীসকলে নিজৰ বিদ্যালয়ৰৰ পৰিচয় পত্ৰ দেখুৱাব লাগিব৷
৫৷ প্ৰতিযোগীসকলে তলত দিয়া ফোন নম্বৰত আগতীয়াকৈ যোগাযোগ কৰিব৷
৬৷ গ্ৰন্থমেলা উপ-সমিতিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰা হ’ব৷

যোগাযোগ

ই-মেইল: bookfaircompetition@gmail.com
ফোন নংঃ৭৮৯৬৭৯৬০৭৪। ৯৯৫৪৮৯২৬৩৫

তৰ্ক প্ৰতিযোগিতা

‘ক’ শাখা (অষ্টম শ্ৰেণীলৈ)
বিষয়ঃ সদনৰ মতে ‘‘ভ্ৰাম্যভাষতকৈ কিতাপেই শ্ৰেষ্ঠ”
‘খ’ শাখা (নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ)
বিষয়ঃ সদনৰ মতে ‘‘সাহিত্যই জাতিৰ চিনাকি৷”
তাৰিখঃ ৩১ জানুৱাৰী, ২০২৫ খ্ৰীষ্টাব্দ
সময়ঃ আবেলি ২:০০ বজা
স্থানঃ গ্ৰন্থমেলা বাকৰি
এই প্ৰতিযোগিতাত নিৰ্বাচিত প্ৰথম শ্ৰেষ্ঠ তিনিগৰাকী তাৰ্কিকক পুৰস্কৃত কৰা হ’ব৷
প্ৰথম পুৰস্কাৰঃ ৫০০০.০০ [পাঁচ হাজাৰ] টকা
দ্বিতীয় পুৰস্কাৰঃ ৪০০০.০০ [চাৰি হাজাৰ] টকা
তৃতীয় পুৰস্কাৰঃ ৩০০০.০০ [তিনি হাজাৰ] টকা
প্ৰতিযোগিতাৰ নিয়মাৱলীঃ
১৷ প্ৰতিটো দলত দুজনকৈ [এজন সপক্ষে আৰু এজন বিপক্ষে] সদস্য থাকিব পাৰিব৷
২৷ প্ৰতিযোগীসকলে একক ভাবেও অংশগ্ৰহণ কৰিব পাৰিব৷
৩৷ প্ৰতিগৰাকী প্ৰতিযোগীয়ে নিজৰ বক্তব্য উপস্থাপন কৰিবলৈ ৩ মিনিটকৈ সময় পাব৷ অৱশ্যে প্ৰস্তাৱকে বিধেয়ক উত্থাপনৰ বাবে অতিৰিক্ত ১ মিনিট অৰ্থাৎ সৰ্বমুঠ মিনিটকৈ সময় পাব৷
৷ নাম জমা দিয়াৰ সময়ত প্ৰতিযোগীসকলে নিজৰ বিদ্যালয়ৰ / মহাবিদ্যালয়ৰ পৰিচয় পত্ৰ অথবা অধ্যক্ষযপ্ৰধান শিক্ষকৰ পৰা পঢ়ি থকা শ্ৰেণীৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব৷
৫৷ প্ৰতিযোগিতাৰ বাবে কোনো ভৰ্তি মাছুল নাই৷
৬৷ প্ৰতিযোগীসকলে ২৮ জানুৱাৰী, ২০২৫ বা তাৰ আগতে সম্পূৰ্ণ নাম, ঠিকনা আৰু ফোন নম্বৰ তলৰ যোগাযোগলৈ প্ৰেৰণ কৰিব লাগিব৷
৭৷ গ্ৰন্থমেলা উপ-সমিতিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰা হ’ব৷

যোগাযোগ

ই-মেইল: bookfaircompetition@gmail.com
ফোন নংঃ ৮৪৭২০১৭১৩২| ৯৯৫৭৭৬৬৯৬৯

সাধু কোৱা প্ৰতিযোগিতা

‘ক’ শাখা [প্ৰাক-প্ৰাথমিকৰ পৰা তৃতীয় শ্ৰেণীলৈ]
‘খ’ শাখা [চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ]
তাৰিখঃ ৩১ জানু¸ৱাৰী, ২০২৫ খ্ৰীষ্টাব্দ
সময়ঃ দিনৰ ১০ঃ৩০ বজা
স্থানঃ গ্ৰন্থমেলা বাকৰি
এই প্ৰতিযোগিতাত নিৰ্বাচিত প্ৰথম শ্ৰেষ্ঠ তিনিগৰাকী প্ৰতিযোগীক পুৰস্কৃত কৰা হ’ব৷

প্ৰথম পুৰস্কাৰঃ ৩০০০.০০ (তিনি হাজাৰ) টকা
দ্বিতীয় পুৰস্কাৰঃ ২০০০.০০ (দুই হাজাৰ) টকা
তৃতীয় পুৰস্কাৰঃ ১০০০.০০ (এক হাজাৰ) টকা

প্ৰতিযোগিতাৰ নিয়মাৱলীঃ
ৰ৷ প্ৰতিগৰাকী প্ৰতিযোগীয়ে ৫ মিনিটকৈ সময় পাব৷
২৷ প্ৰতিযোগিতাৰ বাবে কোনো ভৰ্তি মাছুল নাই৷
৩৷ নাম জমা দিয়াৰ সময়ত প্ৰতিযোগীসকলে নিজৰ বিদ্যালয়ৰ পৰিচয় পত্ৰ অথবা অধ্যক্ষ পৰা পঢ়ি থকা শ্ৰেণীৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব৷
৷ সাধুকথা অসমীয়া মান্য ভাষাত ক’ব লাগিব৷
৫৷ সাধুটোৰ শেষত সাধুটোৰ পৰা পোৱা নীতিশিক্ষা ক’ব লাগিব৷
৬৷ প্ৰতিযোগীসকলে ২৮ জানুৱাৰী, ২০২৫ বা তাৰ আগতে সম্পূৰ্ণ নাম, ঠিকনা আৰু ফোন নম্বৰ তলৰ যোগাযোগলৈ প্ৰেৰণ কৰিব লাগিব৷
৭৷ গ্ৰন্থমেলা উপ-সমিতিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰা হ’ব৷

যোগাযোগ

ই-মেইল: bookfaircompetition@gmail.com
ফোন নংঃ ৯৯৫৪২০৩৮৮৯ | ৯৭০৬২৮২২৮৭ | ৮৭৬১০৯৮৫৮৫

সদৌ অসম ভিত্তিত গ্ৰন্থ অধ্যয়ন প্ৰতিযোগিতা

তাৰিখঃ ২ ফেব্ৰুৱাৰী
সময়-আবেলি ৩.৩০ বজাৰ পৰা

স্থানঃ গ্ৰন্থমেলা বাকৰি

এই প্ৰতিযোগিতাত নিৰ্বাচিত প্ৰথম শ্ৰেষ্ঠ তিনিগৰাকী প্ৰতিযোগীক পুৰস্কৃত কৰা হ’ব৷

প্ৰথম-৩০০০.০০ টকা আৰু মানপত্ৰ
দ্বিতীয়-২৫০০.০০ টকা আৰু মানপত্ৰ
তৃতীয় -২০০০.০০ টকা আৰু মানপত্ৰ

প্ৰতিযোগিতাৰ নিয়মাৱলীঃ
১) প্ৰতিযোগিতাখন দুটা শাখাত অনুষ্ঠিত কৰা হ’ব। ‘ক শাখা’ ৰ বাবে ঊর্ধ্বসীমা অষ্টম শ্রেণী আৰু এই শাখাৰ প্ৰতিযোগীসকলে নিজৰ শিক্ষানুষ্ঠানৰ পৰিচয় পত্ৰ আনিব লাগিব (অথবা অধ্যক্ষ বা প্ৰধান শিক্ষকৰ পৰা পঢ়ি থকা শ্ৰেণীৰ প্ৰমাণ পত্ৰ) । ‘খ শাখা’ নৱম শ্ৰেণীৰ পৰা আৰম্ভ হ’ব আৰু ইয়াৰ কোনো বয়সৰ ঊর্ধ্বসীমা নাথাকিব।
২) প্ৰত্যেক প্ৰতিযোগীক শাখা অনুযায়ী এখন নিৰ্দিষ্ট গ্ৰন্থ প্ৰদান কৰা হ’ব । প্ৰতিযোগী সকলে থিতাতে গ্ৰন্থখনৰ বিষয়বস্তুৰ বিষয়ে অধ্যয়নৰ বাবে ৩০ মিনিট সময় লাভ কৰিব ।
৩) অধ্যয়নৰ নিৰ্দিষ্ট সময় উকলি যোৱাৰ লগে লগে প্ৰতিযোগী সকলে গ্ৰন্থখনৰ মূলভাৱৰ ওপৰত ২০০ শব্দৰ ভিতৰত এটি টোকা প্ৰস্তুত কৰিব লাগিব আৰু ইয়াক প্ৰস্তুত ৰ বাবে প্ৰতিযোগীয়ে ১৫ মিনিট সময় লাভ কৰিব ।
৪) প্ৰতিযোগী ক টোকা প্ৰস্তুত কৰাৰ বাবে আয়োজক মণ্ডলীৰ ফালৰ পৰা কেৱল মাত্ৰ কাগজ হে যোগান ধৰা হ’ব ।
৫) প্ৰতিযোগীসকলে প্ৰতিযোগিতাত এককভাবে অংশগ্রহণ কৰিব লাগিব।
৬) প্ৰতিযোগী সকলক অধ্যয়ন কৰিব দিয়া কিতাপখন নিৰ্দিষ্ট সময়ত নষ্ট নোহোৱাকৈ আয়োজক মণ্ডলী ক ঘূৰাই দিব লাগিব ।
৭) প্ৰতিযোগিতাৰ বাবে কোনোধৰণৰ ভৰ্ত্তি মাচুল নাই।
৮) প্ৰতিযোগিতাখনৰ ক্ষেত্রত গ্ৰন্থমেলা উপ-সমিতিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব।

যোগাযোগ

ই-মেইল: bookfaircompetition@gmail.com
ফোন নংঃ ৯৯৫৭৭৬৬৯৬৯| ৯৪৩৫১১৭৬৯৫| ৭৮৯৬৭৯৬০৭৪

চিত্ৰাংকন প্ৰতিযোগিতা

তাৰিখঃ ৪ ফেব্ৰুৱাৰী
সময়ঃ দিনৰ ১০ঃ০০ বজা

স্থানঃ গ্ৰন্থমেলা বাকৰি

এই প্ৰতিযোগিতাত নিৰ্বাচিত প্ৰথম শ্ৰেষ্ঠ তিনিগৰাকী প্ৰতিযোগীক পুৰস্কৃত কৰা হ’ব৷

প্ৰথম-৩০০০.০০ টকা আৰু মানপত্ৰ
দ্বিতীয়-২০০০.০০ টকা আৰু মানপত্ৰ
তৃতীয় -১০০০.০০ টকা আৰু মানপত্ৰ

প্ৰতিযোগিতাৰ নিয়মাৱলীঃ

১) প্ৰতিযোগিতাখন দুটা শাখাত অনুষ্ঠিত কৰা হ’ব। ‘ক শাখা’ ৰ বাবে ঊর্ধ্বসীমা পঞ্চম শ্ৰেণী । ‘খ শাখা’ ষষ্ট শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ
২)নাম জমা দিয়াৰ সময়ত প্ৰতিযোগীসকলে নিজৰ বিদ্যালয়ৰ পৰিচয় পত্ৰ অথবা অধ্যক্ষৰ পৰা পঢ়ি থকা শ্ৰেণীৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব৷
৩)প্ৰতিযোগী সকলক কেবল মাত্ৰ চিত্ৰপট যোগান ধৰা হ’ব । ছবি অঁকাৰ আন সামগ্ৰী নিজাববীয়াকৈ আনিব লাগিব ।
৪)প্ৰতিযোগী সকলে নিজৰ পচন্দৰ মাধ্যম ব্যৱহাৰ কৰিব পাৰিব ।
৫)প্ৰতিযোগিতাৰ বিষয় সময়ত নিৰ্দিষ্ট কৰি দিয়া হ’ব ।
৬)প্ৰতিযোগিতাৰ মুঠ সময় ৯০ মিনিট ।
৭) প্ৰতিযোগিতাৰ বাবে কোনোধৰণৰ ভৰ্ত্তি মাচুল নাই।
৮) প্ৰতিযোগিতাখনৰ ক্ষেত্রত গ্ৰন্থমেলা উপ-সমিতিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব।

যোগাযোগ

ই-মেইল: bookfaircompetition@gmail.com
ফোন নংঃ ৭৮৯৬৭৯৬০৭৪, 9435117695